মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১ কোটি ২৫ লাখ টকা আগবঢ়ালে চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াই

পানী কমিছে কিন্তু দুৰ্দশা কমা নাই বানপীড়িত ৰাইজৰ। শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানপীড়িত ৰাইজৰ দুৰ্দশাৰ জীয়া ছবি।

এই সকলোবোৰ মাজতে বানপীড়িত লোকসকলৰ সহায়-সহানভূতিৰ বাবে আগবাঢ়ি আহিছে প্ৰতিগৰাকী অসমীয়াই আগবাঢ়ি আহিছে মন্ত্ৰী-বিধায়ক, শিল্পীৰ পৰা সাধাৰণজনলৈ, কণ্টেণ্ট ক্ৰিয়েটৰ, ইউটিউবাৰৰ পৰা ব্যৱসায়ী-সমাজকৰ্মীলৈ।

সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ এক প্ৰতিনিধি দলে অসমৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ (Chief Minister’s Relief Fund) ১ কোটি ২৫ লাখ টকাৰ অনুদান আগবঢ়াই।

শুকুৰবাৰে দিছপুৰস্থিত জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতত ১.২৫ কোটি টকাৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰে।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই সহযোগিতাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *