ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত আঠানি অঞ্চলত ৰহস্যজনক ট্ৰাক জব্দ

ধুবুৰী জিলাৰ গৌৰীপুৰ থানাৰ অন্তৰ্গত আঠানি অঞ্চলত ৰহস্যজনক ট্ৰাক জব্দ। ৰঙামাটি প্ৰথম খণ্ডৰ এটা ইটা ভাটাৰ সমীপৰ পৰা গৌৰীপুৰ আৰক্ষীয়ে সন্দেহযুক্ত ট্ৰাকখন উদ্ধাৰ কৰে।

প্ৰাপ্ত তথ্য অনুসৰি, আঠানিৰ ৰঙামাটি ১ম খণ্ডত অৱস্থিত ‘জনতা ইটা ভাটা’ৰ ওচৰত এখন ট্ৰাক দীৰ্ঘসময় ধৰি পৰিত্যক্ত অৱস্থাত পৰি আছিল। ট্ৰাকখনৰ নম্বৰ প্লেটখন সম্পূৰ্ণৰূপে ঢাকি ৰাখিছিল। ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন দুয়োজনেই ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

পৰিত্যক্ত ট্ৰাকখন প্ৰত্যক্ষ কৰাৰ পিছত স্থানীয় ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হয়। যেতিয়া একাংশ লোকে ট্ৰাকখনৰ ওচৰলৈ গৈ পৰীক্ষা কৰে,তেতিয়াই ট্ৰাকখনৰ ভিতৰ ভাগত কিছুমান সন্দেজনৰ বস্তু লাভ কৰে। ট্ৰাকখনৰ ভিতৰত প্ৰচুৰ পৰিমাণে গৰুৰ গোবৰ আৰু পঁচা আম লাগি থকা প্ৰত্যক্ষ কৰা হয়।

স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে যে আৰক্ষীৰ চকুৰ ধূলি দি অবৈধভাৱে গৰু সৰবৰাহ কৰিবলৈকে ট্ৰাকখন ব্যৱহাৰ কৰা হৈছিল। গৰুৰ গোন্ধ লুকুৱাবলৈ বা খাদ্য হিচাপে ভিতৰত পঁচা আম ৰখা হৈছিল বুলি একাংশই ধাৰণা কৰিছে। ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে লগে লগে গৌৰীপুৰ আৰক্ষীক খবৰ দিয়ে।

আৰক্ষীৰ দলটোৱে ততালিকে ঘটনাস্থলীত উপস্থিত হৈ নম্বৰ প্লেট ঢাকি থোৱা ৰহস্যজনক ট্ৰাকখন জব্দ কৰে আৰু থানাখনলৈ লৈ আহে। বাহনখন কাৰ আৰু কি উদ্দেশ্যেৰে ইয়াত ৰখা হৈছিল, সেই সন্দৰ্ভত ইতিমধ্যে এক গভীৰ তদন্ত আৰম্ভ কৰিছে।।

Leave a Reply

Your email address will not be published. Required fields are marked *