বিহালী সংৰক্ষিত বনাঞ্চলত বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

আজি বিশ্বনাথত উপস্থিত হয় বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱা।বিহালী বনাঞ্চলত অৰুণাচলী দুৰ্বৃত্তই চলোৱা গুলীচালনাক লৈ তীব্ৰ উত্তেজনা অব্যাহত থকাৰ মাজতে পৰিস্থিতিৰ বুজ ল’বলৈ বৃহস্পতিবাৰে পুৱাই বিশ্বনাথত উপস্থিত হয় ৰাজ্যৰ বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱা।

বিশ্বনাথত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে আইন-শৃংখলা আৰু বন বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

বিশ্বনাথ চাৰিআলিৰ আৱৰ্ত ভৱনত অনুষ্ঠিত এই বৈঠকত বনাঞ্চলখনৰ সাম্প্ৰতিক নিৰাপত্তা ব্যৱস্থা আৰু সীমা সমস্যা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। বৈঠকত উপস্থিত থাকে বন বিভাগৰ বিশেষ মুখ্য সচিব এম. কে. যাদৱ,অসম আৰক্ষীৰ মহাপৰিদৰ্শক অখিলেশ কুমাৰ সিং (IPS),বন বিভাগৰ প্ৰধান মুখ্য বন সংৰক্ষক সন্দিপ কুমাৰ, মুখ্য বন সংৰক্ষক এন. আনন্দ, শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত, বিহালী সমষ্টিৰ বিধায়ক মুনিন্দ্ৰ দাস আৰু বিশ্বনাথ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ লগতে ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকীও উচ্চ পদস্থ বিষয়া।

এই গুৰুত্বপূৰ্ণ বিভাগীয় বৈঠকখন শেষ কৰিয়েই বনমন্ত্ৰী জয়ন্তমল্ল বৰুৱা উচ্চ পদস্থ বিষয়াৰ দলটোৰ সৈতে পোনে পোনে বিহালী অভয়াৰণ্যলৈ ৰাওনা হয়। মন্ত্ৰীগৰাকীয়ে নিজে ঘটনাস্থলী পৰিদৰ্শন কৰি সীমান্তৱৰ্তী সুৰক্ষা ব্যৱস্থাৰ বুজ ল’ব আৰু অনাগত দিনত এনেধৰণৰ অনুপ্ৰৱেশ তথা আক্ৰমণ প্ৰতিহত কৰিবলৈ কি কি সুৰক্ষামূলক পদক্ষেপ গ্ৰহণ কৰিব পৰা যায়, সেই সন্দৰ্ভত থলুৱা বনকৰ্মীসকলৰ সৈতেও মতবিনিময় কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *