ৰাজ্যত অব্যাহত আছে নকল নোটৰ ৰমৰমীয়া ব্যৱসায়। এইবাৰ গোৱালপাৰা জিলাৰ বগুৱানত জালনোট চক্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ।
স্থানীয় এটা গ্ৰাহক সেৱা কেন্দ্ৰত নকল টকা জমা কৰিবলৈ আহি আৰক্ষীৰ হাতত আটক এজন লোক। লোকজন মোথাবাৰী গাঁৱৰ বাসিন্দা ৰমজান আলী বুলি জানিব পৰা গৈছে।
ঘটনাৰ বিৱৰণী অনুসৰি, ৰমজান আলীয়ে বগুৱানস্থিত এটা গ্ৰাহক সেৱা কেন্দ্ৰলৈ গৈ ২৫ হাজাৰ টকা জমা কৰিবলৈ দিছিল। টকাখিনি হাতত লৈ গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰীজনৰ সন্দেহ ওপজে। ইয়াৰ পাছত তেওঁ নোটখিনি ভালদৰে পৰীক্ষা কৰাত আটাইকেইখন নোটেই আচল নহয়, বৰঞ্চ নকল বুলি স্পষ্ট হৈ পৰে। ইপিনে গ্ৰাহক সেৱা কেন্দ্ৰৰ স্বত্বাধিকাৰীজনে তৎকালিনভাৱে ঘটনা সন্দৰ্ভত স্থানীয় বগুৱান আৰক্ষী চকীক অৱগত কৰে। খবৰ পোৱাৰ মাত্ৰকেই বগুৱান আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে কেন্দ্ৰটোৰ পৰা ২৫ হাজাৰ টকাৰ নকল নোটখিনি জব্দ কৰাৰ লগতে অভিযুক্ত ৰমজান আলীক আটক কৰে।
ৰমজান আলীয়ে এই নকল নোটসমূহ ক’ৰ পৰা সংগ্ৰহ কৰিছিল আৰু ইয়াৰ আঁতত কোনো আন্তঃজিলা বা আন্তঃৰাজ্যিক জাল নোটৰ চক্ৰ জড়িত হৈ আছে নেকি, সেই সন্দৰ্ভত বগুৱান আৰক্ষীয়ে বৰ্তমান সোধা-পোছা অব্যাহত ৰাখিছে।