তেজপুৰত চাঞ্চল্য;ঘৰৰ পৰা দোকানলৈ বুলি ওলাই যোৱাৰ পৰা সন্ধানহীন ২ কিশোৰী

এইবাৰ তেজপুৰৰ ভোজখোৱা চাপৰি অঞ্চলৰ পৰা বুধবাৰৰ পুৱাৰে পৰা সন্ধানহীন দুগৰাকী কিশোৰী।

প্ৰাপ্ত তথ্য অনুসৰি, বুধবাৰে পুৱা প্ৰায় ১০ বজাত ঘৰৰ ওচৰৰে দোকান এখনলৈ বুলি ওলাই গৈছিল ভোজখোৱা চাপৰিৰ ইছফ আলীৰ কন্যা চুহানা আখতাৰা আৰু আব্দুল ফালানৰ কন্যা হাফিজা খাতুন।
কিন্তু দোকানলৈ যোৱাৰ পাছৰে পৰা দুয়োগৰাকী নাবালিকা এই পৰ্যন্ত ঘৰলৈ ঘূৰি অহা নাই। আত্মীয়-স্বজন তথা সম্ভাব্য সকলো স্থানতে বিচাৰ-খোচাৰ কৰাৰ পাছতো কোনো সম্ভেদ নোলোৱাত পৰিয়ালৰ লোক অত্যন্ত চিন্তিত হৈ পৰিছে।

ইপিনে, ঘটনা সন্দৰ্ভত ইতিমধ্য দুয়োটা ভুক্তভোগী পৰিয়ালে স্থানীয় বৰঘাট আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।

এজাহাৰৰ ভিত্তিত বৰঘাট আৰক্ষীয়ে নিৰুদ্দিষ্ট নাবালিকা দুগৰাকীৰ সন্ধানত তদন্ত আৰম্ভ কৰিছে।

যদি কোনো সদাশয় ব্যক্তিয়ে ফটোত দেখা এই নাবালিকা ছোৱালী দুজনীৰ কিবা সম্ভেদ লাভ কৰে, তেন্তে পলম নকৰি ৭৫৭৭৮০৯৬৬৭ নম্বৰত অথবা ওচৰৰ আৰক্ষী থানাত যোগাযোগ কৰি পৰিয়ালটোক সহায় কৰিবলৈ কাতৰ অনুৰোধ জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *