তীব্ৰবেগী মালবাহী বাহন আৰু ব্যক্তিগত বাহনৰ মাজত মুখামুখি সংঘৰ্ষ

মহানগৰীৰ বেতকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী মালবাহী বাহন আৰু ব্যক্তিগত বাহনৰ মাজত মুখামুখি সংঘৰ্ষ ।

প্ৰাপ্ত তথ্য অনুসৰি, বিপৰীত দিশৰ পৰা তীব্ৰ বেগেৰে অহা এখন ব্যক্তিগত বাহনে নিয়ন্ত্ৰণ হেৰুৱাই সন্মুখত থকা মালবাহী বাহনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আছিল যে দুয়োখন বাহনৰে সন্মুখভাগ ক্ষতিগ্ৰস্ত হয়। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজ ঘটনাস্থলীত একত্ৰিত হয় আৰু স্থানীয় আৰক্ষীক খবৰ দিয়ে। খবৰ পোৱাৰ মাত্ৰকে গড়চুক যান-বাহন আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কাৰ্য আৰম্ভ কৰে।

দুৰ্ঘটনাত বাহন দুখনত থকা লোকসকল কম-বেছি পৰিমাণে আঘাতপ্ৰাপ্ত হয়।

আৰক্ষীয়ে স্থানীয় লোকৰ সহায়ত আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *