ভয়ংকৰ পথ দুৰ্ঘটনা;নিহত ৬, আহত ৩

বুধবাৰে নিশা কৰ্ণাটকৰ উত্তৰ কানাড়া জিলাৰ য়েল্লাপুৰ তালুকৰ আৰবৈল ঘাটৰ বলগাৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনা৷ এখন ট্ৰাক আৰু টুফান যাত্ৰীবাহী বাহনৰ মুখামুখি সংঘৰ্ষ হয়।সংঘৰ্ষত প্ৰায় ৬ জন লোক থিতাতে নিহত হোৱাৰ লগতে তিনিজন গুৰুতৰভাৱে আহত হয়৷

নিহত আটাইকেইজনেই ধৰৱাডৰ বাসিন্দা আৰু হুবলি-ধাৰৱাডৰ ছুইগিৰ (Swiggy) পাৰ্ট টাইম ডেলিভাৰী বয় হিচাপে কাম কৰিছিল বুলি জানিব পৰা গৈছে৷

জানিব পৰা মতে, বুধবাৰে নিশা ধৰৱাডৰ পৰা ধৰ্মস্থল আৰু মঙলদূৰলৈ গৈ থকা অৱস্থাত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়৷ আৰবাইল ঘাটত বাহনখন বালগাৰৰ কাষ চাপি অহাৰ লগে লগে টুফান বাহন আৰু KA22 AA-1008 নম্বৰৰ লৰীখনৰ মুখামুখি সংঘৰ্ষ হয়৷ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সময়ত ১৯এএ ৫৯২০ নম্বৰৰ টুফান বাহনখনত চালকসহ মুঠ ৯ জন লোক আছিল ৷

এই দুৰ্ঘটনাত টুফান বাহনখনৰ চালকসহ প্ৰায় ৬ জন আৰোহীৰ মৃত্যু হয় ৷ দুৰ্ঘটনটো ইমানেই ভয়াৱহ আছিল যে টুফান বাহনখন সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰে ৷

ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৩ জনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

আনহাতে দুৰ্ঘটনাটো সংঘটোত হোৱাৰ পাছতেই ঘটনাস্থলীত য়েল্লাপুৰ আৰক্ষী থানাৰ লোক উপস্থিত হয় ৷ আৰক্ষীয়ে আহত লোকসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ সম্প্ৰতি আৰক্ষীয়ে দুৰ্ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *