বিজনীৰ পাণবাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৩নং গৰাইমাৰী কালপানী বিলৰ ওচৰত পিষ্টলসহ দুজন যুৱক গ্ৰেপ্তাৰ। বৌপাৰাৰ গাওঁৰ পৰা পালেংবাৰীলৈ As26A6910 নম্বৰৰ বাইকেৰে আহি থকা অৱস্থাত আৰক্ষীয়ে অভিযান চলাই দুজন যুৱকক গ্ৰেপ্তাৰ কৰে।
ধৃত যুৱক দুজন হৈছে বৌপাৰা গাঁৱৰ সুকুৰ আলি আৰু আব্বাছ আলি।বুলি জানিব পৰা গৈছে।
আৰক্ষীৰ তথ্য অনুসৰি, এটা Country-made পিষ্টল আৰু চাৰি জাই সজীৱ গুলী লৈ গৈ থকা সময়তে দুয়োকে হাতে-লোটে গ্ৰেপ্তাৰ কৰে।
পাণবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিনয় মালাকাৰ আৰু উপ-আৰক্ষী বিষয়া আনোৱাৰ হুছেইনৰ নেতৃত্বত এই অভিযান চলাই। ঘটনাস্থলীত বিজনী মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্ত আৰু পাণবাৰী আৰক্ষী চক্ৰ বিষয়া ৰিতুল মুনি দাস উপস্থিত থাকে।
আৰক্ষীয়ে জব্দ কৰা Country-made পিষ্টল আৰু গুলীসমূহৰ উৎস, লগতে ইয়াৰ সৈতে আন কোনো ব্যক্তি জড়িত আছে নেকি, সেই দিশত তদন্ত অব্যাহত ৰাখিছে পাণবাৰী আৰক্ষীয়ে।