দেশ-বিদেশৰ ভক্তৰে উখল-মাখল নীলাচল;আজিৰে পৰা অম্বুবাচী মহাযোগ

উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে নীলাচল পাহাৰত কিয়নো দেশৰ লগতে সমগ্ৰ বিশ্ববাসীৰ উৎকণ্ঠাৰ ক্ষণ মহা অম্বুবাচী মেলা আজিৰে পৰা আৰম্ভ হ’ব।

আজি অম্বুবাচীৰ প্ৰবৃত্তি। নিশা ৯ বাজি ৮ মিনিট ৪২ ছেকেণ্ডত হ’ব প্ৰবৃত্তি। প্ৰবৃত্তিৰ লগে লগে তিনিদিনৰ বাবে বন্ধ হ’ব কামাখ্যা মন্দিৰৰ মূল দুৱাৰ।

তিনিদিনৰ অন্তত অম্বুবাচীৰ নিবৃত্তি হ’ব ২৫ জুনত। ২৫ জুনৰ নিশা ১২ বাজি ২ মিনিট ১৩ ছেকেণ্ডত ঘটিব নিবৃত্তি। ২৬ জুনত ভক্তৰ বাবে খোলা হ’ব কামাখ্যা মন্দিৰৰ দুৱাৰ। নিবৃত্তিৰ পিছত যথাবিহিত পূজা-অৰ্চনাৰ পিছত ভক্তৰ বাবে খুলি দিয়া হ’ব মন্দিৰৰ দুৱাৰ। তাৰ পিছতে ভক্তসকলে আশিস ল’ব পাৰিব মা কামাখ্যাৰ।

অম্বুবাচী মহাযোগ উপলক্ষে কামাখ্যা মন্দিৰলৈ সোঁত বৈছে দেশ-বিদেশৰ ভক্তৰ। সাধু-সন্যাসী-ভক্তৰে উখল-মাখল হৈ পৰিছে নীলাচল। এই তিনিটা দিন কামাখ্যা মন্দিৰ চৌহদতে বাহৰ পাতি তপ-জপ-সাধনা কৰিব সাধু-সন্যাসীসকলে। নিবৃত্তিৰ পিছতে আটায়ে মা কামাখ্যাৰ আশিস গ্ৰহণ কৰিব।

এইবাৰ অম্বুবাচী মেলালৈ ৮ লাখ ভক্তৰ সমাগম হোৱাৰ আশা কৰা হৈছে। অম্বুবাচী মেলা সুপৰিচালনা কৰাৰ বাবে কামৰূপ মেট্ৰ’ প্ৰশাসনে গ্ৰহণ কৰিছে যথাযথ ব্যৱস্থা। ভক্তসকল যাতে কোনো ধৰণৰ অসুবিধাত পৰিবলগীয়া নহয় তাৰ বাবে সকলো প্ৰকাৰৰ প্ৰস্তুতি সম্পন্ন কৰি তোলা হৈছে কামাখ্যা মন্দিৰত।

Leave a Reply

Your email address will not be published. Required fields are marked *