আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস।(International Yoga Day 2026)। ২০১৫ চনত প্ৰথমবাৰৰ বাবে বিশ্বজুৰি এই দিৱস পালন কৰা হৈছিল আৰু সকলোকে যোগাসনৰ উপকাৰিতাৰ সৈতে পৰিচয় কৰাই দিয়া হয়। সমগ্ৰ দেশতে উদযাপন কৰা হৈছে যোগ দিৱস।
শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে যোগ এক ফলপ্ৰসূ প্ৰাকৃতিক প্ৰতিকাৰ, যিয়ে ব্যক্তিৰ ভিতৰ আৰু বাহ্যিক শৰীৰক সুস্থ কৰি ৰাখে। লগতে মানসিক সমস্যাৰ পৰাও আঁতৰাই ৰাখে মানুহক।
যোগ দিৱস উদযাপন কৰা হয় এইবাবে যাতে সকলোকে যোগৰ গুৰুত্বৰ বিষয়ে সচেতন কৰি যোগাভ্যাস কৰিবলৈ উৎসাহিত কৰা।
প্ৰতি বছৰৰ দৰে এইবেলিও আজি সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে আন্তৰ্জাতিক যোগ দিৱস।যোগৰ লাভালাভৰ বিষয়ে মানুহক সজাগ তথা অনুপ্ৰাণিত কৰাটোয়েই হৈছে এই দিৱস উদযাপনৰ উদ্দেশ্য। যোগৰ দ্বাৰা মনটো শান্ত হোৱাৰ লগতে ই আপোনাৰ শৰীৰটোকো বহু ৰোগৰ পৰা সুৰক্ষিত কৰি ৰাখিব পাৰে । প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত যোগ দিৱস উদযাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল আৰু ৰাষ্ট্ৰসংঘই ২০১৪ চনৰ ১১ ডিচেম্বৰত এই প্ৰস্তাৱ গ্ৰহণ কৰে । ২০১৫ চনত সমগ্ৰ বিশ্বতে প্ৰথমবাৰৰ বাবে বিশ্ব যোগ দিৱস উদযাপন কৰা হৈছিল ।
তেতিয়াৰে পৰা আজিৰ দিনটোক সমগ্ৰ বিশ্বজুৰি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে উদযাপন কৰি অহা হৈছে ৷ ২০২৬ চনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ মূল বিষয় হৈছে ‘সুস্থ বাৰ্ধক্যৰ বাবে যোগ’ ।
কলকাতাৰ ৰেড ৰোডত দ্বাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ প্ৰধানমন্ত্ৰী মোদীৰ লগতে মুখ্যমন্ত্ৰী সুবেন্দু অধিকাৰীকে ধৰি প্ৰায় সহস্ৰাধিক লোকে এই যোগাভ্যাস অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷
অসমতো পালন কৰা হয় যোগ দিৱস। গুৱাহাটীৰ সতী ৰাধিকা উদ্যানত যোগ দিৱসৰ কাৰ্যসূচী।গুৱাহাটীত অনুষ্ঠিত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ।
উপস্থিত থাকে স্বাস্থ্যমন্ত্ৰী অশোক সিংহল। কাৰ্যসূচীত অংশগ্ৰহণ কৰে পৰ্যটন মন্ত্ৰী অজন্তা নেওগেও। মধ্য গুৱাহাটী সমষ্টিৰ বিধায়ক বিজয় গুপ্তায়ো অংশগ্ৰহণ কৰে যোগ দিৱসৰ কাৰ্যসূচীত।