ৰেষ্টুৰেণ্টত ভয়ংকৰ অগ্নিকাণ্ড, ২১ জন লোকৰ মৃত্যু

বুধবাৰে হঠাৎ ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ মালব্য নগৰ অঞ্চলৰ এখন ৰেষ্টুৰেণ্টত অগ্নিকাণ্ড সংঘটি হয়।

অগ্নিকাণ্ডৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত দিল্লী ফায়াৰ ছাৰ্ভিচ (DFS)-ৰ দল উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে। অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীসকলে তৎপৰতাৰে অভিযান চলাই ৰেষ্টুৰেণ্টখনত আবদ্ধ হৈ থকা ১১ জন লোকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।। আহত লোকসকলক উদ্ধাৰ কৰি CATS এম্বুলেন্সৰ সহায়ত তৎকালীনভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ঘটনা সন্দৰ্ভত দিল্লী ফায়াৰ ছাৰ্ভিচ (DFS)-এ জনায় যে, পুৱা প্ৰায় ৯:৪৫ বজাত অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়।ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণলৈ আনে আৰু ঘটনাৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে

এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ফালৰ পৰা নিহতসকলৰ পৰিয়াললৈ ২ লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে। আনহাতে, আহতসকললৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *