একে নিশাই ৩খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চাফাই অভিযান;লুটি নিলে লক্ষাধিক টকাৰ সা-সামগ্ৰী

ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ। চোৰে নিতৌ ন ন কৌশলৰে সংঘটিত কৰি আহিছে চুৰিকাণ্ড।

শ্ৰীভূমি চহৰ সংলগ্ন লংগাই এলেকাত শনিবাৰে নিশা চুৰিকাণ্ড। নিশাৰ আন্ধাৰৰ সুযোগ লৈ চোৰৰ এটা দলে একেটা অঞ্চলৰে ৩খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চাফাই অভিযান চলাই । লুটি লৈ যায়।লক্ষাধিক টকাৰ সা-সামগ্ৰী

দোকানৰ মালিকসকলে জানিবলৈ দিয়া অনুসৰি, চোৰৰ দলটোৱে দোকানকেইখনৰ পাছফালে থকা টিনপাত কাটি ভিতৰত প্ৰৱেশ কৰে আৰু। দোকানৰ ভিতৰত থকা বিভিন্ন মূল্যবান সামগ্ৰীসমূহ লুটি লৈ উধাও হয়।

এই চুৰিকাণ্ডৰ ফলত প্ৰায় দুইৰ পৰা তিনি লক্ষাধিক টকাৰ সামগ্ৰী চুৰি কৰে। আৰক্ষী চকীৰ ইমান কাষত থকাৰ পাছতো কেনেকৈ চোৰে এনেদৰে ইখনৰ পাছত সিখন দোকানত মুকলিকৈ চুৰিকাণ্ড চলাব পাৰিলে, তাক লৈ স্থানীয় ৰাইজে আৰক্ষীৰ নৈশ তহলদাৰী ব্যৱস্থাক লৈও প্ৰশ্ন উত্থাপন হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *