পুনৰ মহানগৰীত ডকাইতিকাণ্ড। জালুকবাৰী সমীপৰ পঞ্চতাৰকাযুক্ত হোটেল ৰেডিছন ব্লু’ৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথত সেনাৰ ভুৱা পৰিচয় দি ডকাইতৰ দলে ৫ জনীয়া ব্যৱসায়ীৰ পৰা লুটি নিয়ে ২১ লাখ ৮৫ হাজাৰ টকা আৰু ৫ টাকৈ মোবাইল ফোন
প্ৰাপ্ত তথ্য অনুসৰি, ভুক্তভোগী ব্যৱসায়ীৰ দলটোৱে মেঘালয়ৰ উমশ্লিংৰ পৰা এটা মেচিন বিক্ৰী কৰি ২১ লাখ ৮৫ হাজাৰ টকা নগদ লৈ এখন বাহনেৰে বাইহাটা চাৰিআলি অভিমুখে আহি আছিল। কিন্তু তেওঁলোকৰ বাহনখনে গুৱাহাটীৰ বৰাগাঁও উৰণীয়া সেতু পাৰ হোৱাৰ পাছৰে পৰা এখন বগা ৰঙৰ বলেৰ’বাহনে তেওঁলোকক পিছা কৰিবলৈ লয়। ডকাইতৰ দলটোৱে ব্যৱহাৰ কৰা উক্ত বলেৰ’ বাহনখনৰ নম্বৰ আছিল AS-01-AV-1036।
আনফালে, ব্যৱসায়ীৰ বাহনখন ৰেডিছন ব্লু’ হোটেলৰ সমীপৰ এটা পেট্ৰ’ল পাম্পৰ সন্মুখত পাবৰ সময়তে পিছে পিছে অহা বলেৰ’ বাহনখনে তেওঁলোকক অভাৰটেক কৰি আগভেটি ধৰে। তাৰ পাছতে এই ডকাইতিকাণ্ড সংঘটিত কৰে।
ঘটনা সন্দৰ্ভত ইতিমধ্যে জালুকবাৰী আৰক্ষীক অৱগত কৰা হৈছে আৰু আৰক্ষীয়ে বলেৰ’ বাহনখনৰ নম্বৰৰ ভিত্তিত ডকাইত চক্ৰটোক কৰায়ত্ত কৰিবলৈ তদন্ত আৰম্ভ কৰিছে।