শিৱসাগৰৰ কংগ্ৰেছ নেতা অজয় গগৈক গ্ৰেপ্তাৰ।চৰাইদেউৰ কাকতিবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নেতাজনক।ডিমৌ সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিল অজয় গগৈ।
উল্লেখযোগ্য যে, চৰাইদেউৰ বিশ্রামপুৰৰ এগৰাকী ব্যৱসায়ীৰ মৃত্যুৰে নাম সাঙোৰ খাইছিল নেতাগৰাকীৰ। কিছুদিন পূৰ্বে চৰম সিদ্ধান্ত গ্রহণ কৰিছিল ব্যৱসায়ী অৱনী বৰুৱাই। ব্যৱসায়ী অৱনী বৰুৱাই ছুইচাইড নোটত উল্লেখ কৰিছিল অজয় গগৈৰ নাম। লগতে নাম উল্লেখ কৰিছিল খোকামৰাৰ বিনন্দ বড়া নামৰ আন এজন লোকৰ। মৃত ব্যক্তিগৰাকীৰ ছুইচাইড নোটত দুয়োগৰাকী ব্যক্তিৰ পৰা অত্যাচাৰৰ সন্মুখীন হোৱাৰ কথা উল্লেখ আছিল বুলি জানিব পৰা গৈছে।
ঘটনাক লৈ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।