প্রেমৰ চলনাৰে যুৱতীক পলুৱাই নি বিক্রী ছয়গাঁৱৰ আবু বাক্কাৰ ছিদ্দিকৰ; যুৱতীগৰাকীক দুবাৰকৈ বিক্রী!

গুৱাহাটী মহানগৰীত পুনৰ পোহৰলৈ আহিছে চাঞ্চল্যকৰ ঘটনা।

৭ আগষ্ট ২০২৫ তাৰিখে গড়চুক আৰক্ষী থানাত এজাহাৰ দাখিল মাজিদা বেগমৰ।

অভিযোগ অনুসৰি, কটাহবাৰীত থকা বাসগৃহৰ পৰা নিখোজ হৈ যায় তেওঁৰ ১৭ বছৰীয়া কন্যা আৰজিমা বেগম।কিশোৰীগৰাকী সন্ধানহানৰ এদিন পিছতে অভিযোগকাৰীয়ে লাভ কৰে এক চাঞ্চল্যকৰ ফোন।ফোনত আবু বাক্কাৰ ছিদ্দিক নামৰ এজন যুৱকে যুৱতীগৰাকীক অপহৰণ কৰি আন ৰাজ্যলৈ লৈ যোৱাৰ কথা জনায়।

অভিযোগৰ পিছতেই গড়চুক আৰক্ষীয়ে 239/2025 নম্বৰত গোচৰ ৰুজু কৰি আৰম্ভ কৰে তদন্ত।তদন্তত পোহৰলৈ আহে যে অভিযুক্ত আবু বাক্কাৰ ছিদ্দিক ছয়গাঁওৰ ভালুকাবাৰীৰ বাসিন্দা।তদন্তৰ সময়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্ত আবু বাক্কাৰ ছিদ্দিকক।

জেৰাত অভিযুক্তই স্বীকাৰ কৰে যে তেওঁ প্ৰেমৰ চলনাৰে যুৱতীগৰাকীক পলুৱাই প্ৰথমে বিহাৰলৈ লৈ গৈছিল। “Pataliputra Heritage” নামৰ এপাৰ্টমেণ্টৰ Block-A, Room No. 304 ত একেলগে আছিল দুয়ো।পাটলিপুত্ৰ ৰেলৱে ষ্টেচনৰ ওচৰৰ এখন মাশৰুম কোম্পানীত কাম কৰিছিল অভিযুক্তই।।

আৰক্ষীৰ তদন্তত আৰু অধিক ভয়ংকৰ তথ্য পোহৰলৈ আহে।

বিহাৰত থাকোতেই অভিযুক্তৰ পৰিচয় হয় অংকিত কুমাৰ আৰু কাজলী কুমাৰী নামৰ এহাল দম্পতীৰ সৈতে।অভিযুক্তসকলে মিলি প্ৰথমে ৫ লাখ টকাত যুৱতীগৰাকীক বিহাৰত বিক্ৰী কৰে।তাত এটা বেশ্যালয়ত প্ৰায় দুমাহ ধৰি ৰখাৰ পিছত পুনৰ ৰাজস্থানৰ ভিৱাড়ি অঞ্চলত আন এজন ব্যক্তিৰ ওচৰত বিক্ৰী কৰি দিয়া হয় যুৱতীগৰাকীক।

অৰ্থাৎ এগৰাকী যুৱতীক দুবাৰকৈ বিক্ৰী কৰাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে তদন্তত। পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযান চলাই বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰে অংকিত কুমাৰ, কাজলী কুমাৰী আৰু আবু বাক্কাৰ ছিদ্দিকক।
লগতে ৰাজস্থানৰ পৰা উদ্ধাৰ কৰা হয় যুৱতীগৰাকীক।

সমগ্ৰ ঘটনাৰ অধিক তদন্ত অব্যাহত ৰাখিছে মহানগৰ আৰক্ষীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *