হাজোত সংঘটিত হ’ল চাঞ্চল্যকৰ ঘটনা। তীৰ্থনগৰী হাজোত চলন্ত যাত্ৰীবাহী টেম্প’ত স্প্ৰে’ গেঙৰ লুটপাত।
জানিব পৰা অনুসৰি দিন দুপৰতে স্প্ৰে’ গেঙে দিপালী কলিতা নামৰ এগৰাকী অংগনবাড়ী কৰ্মীৰ পৰা লুটিলে সোণৰ আ-অলংকাৰ। দিপালী কলিতা নামৰ মহিলাগৰাকীয়ে হাজোৰ পাখামেলা চ’কৰ পৰা এখন যাত্ৰীবাহী টেম্প’ত নিজৰ ঘৰলৈ বুলি আহি আছিল। সেই সময়তে মহিলাগৰাকীৰে একেখন টেম্প’ত যাত্ৰীৰূপে উঠিছিল দুজনকৈ যুৱক।
প্ৰথমৱস্থাত যুৱক দুজন বাহনখনত উঠাৰ কিছু সময় পিছতে অস্বস্তি অনুভৱ কৰিছিল মহিলাগৰাকীয়ে। কিন্তু তেতিয়া গন্তব্য স্থান পোৱাৰ পূৰ্বেই টেম্প’ খনৰ পৰা নামি গৈছিল মহিলাগৰাকীয়ে। টেম্প’খনৰ পৰা নামি যোৱাৰ সময়ত যুৱক দুজনে মহিলাগৰাকীক এটা শীতল পনীয়ৰ বটল আৰু কাগজৰ টোপোলা থকা মোনা দি সেই স্থানৰ পৰা পলায়ন কৰে।
নিজৰ ঘৰলৈ গৈ সংজ্ঞা ঘূৰি অহাৰ পিছত পিন্ধি থকা সোণৰ কাণফুলি আৰু আঙঠি নাপায় হতাবাক হৈ পৰে দিপালী কলিতা। তেতিয়াহে পোহৰলৈ আহে এয়া স্প্ৰে’ গেঙৰ এই লুটপাতৰ ঘটনা
ঘটনা সন্দৰ্ভত হাজো আৰক্ষীৰ তদন্ত অব্যাহত