এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল গুৱাহাটী মহানগৰীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ ।
মঙলবাৰে দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্রী হিচাপে শপতগ্ৰহণ কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ লগতে মন্ত্রী হিচাপে শপতগ্ৰহণ কৰে অতুল বৰা, অজন্তা নেওগ, ৰামেশ্বৰ তেলী আৰু চৰণ বড়োৱে ।
শপতগ্ৰহণৰ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ আৰু পত্নীৰ লগতে দুই সন্তান ।
দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্রী হিচাপে পুত্র শপত গ্ৰহণত নথৈ আনন্দিত হৈ পৰে মাতৃ মৃণালিনী দেৱী
মাতৃ মৃণালিনী দেৱীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে,” মোৰ খুব আনন্দ লাগিছে ।এই আনন্দ যাতে ভৱিষ্যতলৈ থাকিব পাৰে, ৰাজ্যখন সুচাৰুৰূপে চলাই নিবলৈ ভগৱানে তাক শক্তি দিয়ক, মাতৃ হিচাপে এয়াই আশীৰ্বাদ”
লগতে কয় যে, ভগৱানে সদয় হৈ মোৰ ল’ৰাক এই মনোশক্তিটো দিয়ক । ভগৱান অবিহনে আমি চলিব নোৱাৰোঁ । ভগৱানে সকলোকে শক্তি দিয়ক । মোৰ পুত্রই সকলোৰে মংগলৰ বাবে যাতে কাম কৰি যাব পাৰে মাতৃ হিচাপে ভগৱানৰ ওচৰত তাৰেই কামনা কৰিছোঁ ।”