পশ্চিমবংগৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে শুভেন্দু অধিকাৰীয়ে। শপতবাক্য পাঠ কৰালে ৰাজ্যপাল আৰ এন ৰবিয়ে। শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীসহ বিজেপি শাসিত ২১খন ৰাজ্যৰ মুখ্যমন্ত্ৰী। উপস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত শপতগ্ৰহণ সমাৰোহ।
গেৰুৱা বসন পৰিধান কৰি পশ্চিমবংগৰ নৱম মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে শুভেন্দু অধিকাৰীয়ে। শুভেন্দুৰ শপতগ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ সভাপতি নীতিন নবীন আৰু কেইবাখনো বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকে। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুও উপস্থিত থাকে।
শুভেন্দু অধিকাৰীৰ উপৰিও আজিৰ দিনটোত বিজেপিৰ বিধায়ক দিলীপ ঘোষ, অগ্নিমিত্ৰা পাল, অশোক কীৰ্তনীয়া, নিশিথ প্ৰামাণিক আৰু ক্ষুদিৰাম টুডুৱে মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে।