কোন হ’ব পশ্চিমবংগৰ পৰৱৰ্তি মুখ্যমন্ত্ৰী?চৰ্চাত কেইবাটাও নাম…

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ পাঁচ ৰাজ্যৰ ভিতৰত মুখ্যত চৰ্চাৰ কেন্দ্ৰবিন্দু আছিল পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন৷

কাৰণ ২০১৬-২১ৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনত পৰাজয়ৰ মুখথেকেচা খাইছিল বিজেপিয়ে৷ কিন্তু ‘২৬ৰ পশ্চিমবংগ বিধানসভা নিৰ্বাচনত বিজেপিৰ চমকপ্ৰদ সফলতাই চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷

বংগৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ লগে লগে এতিয়া মুখ্যত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কোন হ’ব৷ কাৰণ নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰী পদটো কাক দিয়া হ’ব, সেই সন্দৰ্ভত বিজেপিয়ে কোনো নাম ঘোষণা কৰা নাছিল ৷

সেয়েহে সকলো চৰ্চা অন্ত পেলাবলৈ বৃহস্পতিবাৰে পশ্চিমবংগলৈ ৰাওনা হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷

বিশেষ তথ্য অনুসৰি জানিব পৰা মতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহৰ উপস্থিতিত বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ লগতে মুখ্যমন্ত্ৰী, মন্ত্ৰীসভা সম্পৰ্কেও আলোচনা কৰাৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে, ৯ মে’ত পশ্চিমবংগত শপত গ্ৰহণ অনুষ্ঠান আছে ৷ সেয়ে ৮ মে’ত অনুষ্ঠিত হ’বলগীয়া বৈঠকতে সকলো দলীয় বিষয় সম্পূৰ্কে আলোচনা আৰু সমাধান কৰাৰ উদ্দেশ্যেৰে বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগতে বংগত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ৷

পৰৱৰ্তি মুখ্যমন্ত্ৰীক লৈ জল্পনা কল্পনা চলি থকাৰ মাজতে চৰ্চালৈ আহিছে অমিত শ্বাহে পূৰ্বে কৰা এটা মন্তব্য।

গৃহমন্ত্ৰীগৰাকীক কৰা এক প্ৰশ্ন উত্তৰ কৈছিল যে, “যি মুখ্যমন্ত্ৰী হওক, তেওঁ বংগৰ পুত্ৰ, বংগত পঢ়া-শুনা, বাংলাভাষী আৰু বিজেপি কৰ্মী হোৱা উচিত।”

গৃহমন্ত্ৰীগৰাকীয়ে কৰা এই মন্তব্যৰ পিছতে চৰ্চাত আহিছিল বিজেপিৰ জ্যেষ্ঠ নেতা শুভেন্দু অধিকাৰীয়ে শ্বাহৰ নাম। শুভেন্দুৰ মন্ত্ৰীত্বৰ অভিজ্ঞতাও আছে আৰু ৰাজ্যৰ প্ৰতিটো দিশৰ সৈতে পৰিচিত। হিন্দুত্ব আৰু উন্নয়নৰ মাজত ভাৰসাম্য ৰক্ষাৰ বাবে তেওঁ শ্বাহৰ প্ৰথম পছন্দ হ’ব পাৰে।

দ্বিতীয়তে চৰ্চাত আহিছে শমিক ভট্টাচাৰ্য আৰু দিলীপ ঘোষৰ নাম।

উল্লেখ্য যে, বিজেপিৰ ৰাজ্যিক মুৰব্বী শমিক ভট্টাচাৰ্য প্ৰচাৰৰ সময়ত উত্থাপিত হোৱা আন এটা নাম।।আৰএছএছ আৰু বিজেপি উভয়ৰে ঘনিষ্ঠ বুলি গণ্য কৰা হয়।লগতে অন্য নামৰ ভিতৰত বিশুদ্ধ বাংলা শৈলীত কথা কোৱা আৰু অতি জনপ্ৰিয় নেতা দিলীপ ঘোষ। কঠিন সময়ত তেওঁ দলৰ কাষত থিয় দিছিল, আৰু শ্বাহে সেই কথাৰ সদায় শলাগ লৈ আহিছে। যদি শ্বাহে এনে এজনক পছন্দ কৰে যাৰ কেৱল সাংগঠনিক দক্ষতাই নহয়, পৰিষ্কাৰ ভাবমূর্তিও আছে, তেন্তে তেওঁ হয়তো সুকান্ত মজুমদাৰক বাছি ল’ব৷বৰ্তমান সুকান্ত মজুমদাৰ বিশেষ চৰ্চা লাভ কৰিছে।

পশ্চিম বংগত চৰ্চিত আন এটা নাম হ’ল উৎপল মহাৰাজ, যিজনক বংগৰ যোগী হিচাপে পৰিচিত। যদিও বিজেপি কৰ্মীৰ মাজত তেওঁৰ বৰ জনপ্ৰিয় নহয়, আৰ এছ এছ আৰু কেশৰ মহলত তেওঁৰ বৰ জনপ্ৰিয়। তেওঁ ধৰ্মীয় সংগঠনৰ পৰা পদত্যাগ কৰি কলিয়াগঞ্জ বিধানসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি বিপুল ব্যৱধানত জয়লাভ কৰে। বংগত হিন্দু ভোট একত্ৰিত কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *