হৰিনামৰ ধ্বনিৰে মুখৰিত বটদ্রৱা থান

আজি মহাপুৰুষ মাধৱদেৱৰ ৪৩০ সংখ্যক তিৰোভাৱ তিথি। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে তিৰোভাৱ তিথিৰ আয়োজন। হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে বটদ্রৱা থান।

মাধৱদেৱৰ তিৰোভাৱ তিথি ‘মাধৱদেৱ গুৰুজনাৰ কীৰ্তন’ সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰ আধাৰত দিনযোৰা কাৰ্যসূচীৰে বটদ্রৱা থানত পালন কৰা হৈছে। আজি থানত পুৱাৰ তালকোবোৱা প্ৰসঙ্গৰে আৰম্ভ হয় তিথিৰ গোৱা বোৱা অনুষ্ঠান। তিথি উপলক্ষ্যত আশোৱাৰী ৰাগৰ গীত পৰিবেশন কৰা হয়।

পুৱা ভকত-বৈষ্ণৱ, যুৱক-যুৱতী, আই মাতৃৰ উষা কীৰ্তনেৰে মুখৰিত হ’ল বটদ্রৱাৰ চৌদিশ। পুৱা প্রসংগত ‘শ্যাম গড়া’ ৰাগত ‘শুনলো পণ্ডিত’ শীৰ্ষক গীত গোৱা হয়। তাৰ পিচতে খোল পসঙ্গ , প্রসংগীয়া নাম, শেহপাল, ঘোষা-কীৰ্তনৰ লগতে ভাদমাহৰ পৰম্পৰাগত ওঠৰ প্রসংগৰে পৰিবেশিত হয়। বিয়লি বটদ্রৱা থানৰ পৰম্পৰা অনুসৰি ‘দধিমথন’ ভাওনা পৰিবেশন কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *