১৪ নেতাক ৬ বছৰৰ বাবে কংগ্ৰেছৰ পৰা নিলম্বন

কংগ্ৰেছৰ ৬ বছৰৰ বাবে ১৪ নেতাক নিলম্বন।

বৰাকৰ ১৪ কংগ্ৰেছ নেতাক দলৰ পৰা নিলম্বন কৰা হৈছে।।দলবিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগত নিলম্বন শিলচৰ জিলা কংগ্ৰেছৰ কেইবাজনো বিষয়ববীয়াক।

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ সময়ত দলবিৰোধী স্থিতি গ্ৰহণ কৰাৰ বাবে এইসমূহ বিষয়ববীয়াক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ পৰৱৰ্তী ৬ বছৰৰ বাবে কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰা হৈছে।

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সাংগঠনিক) ৰামান্না বৰুৱা স্বাক্ষৰিত এক নিৰ্দেশনাযোগে এই সিদ্ধান্ত ৰাজহুৱা কৰা হয়। এই সিদ্ধান্ত অনুসৰি নিলম্বিত হোৱা নেতাসকলৰ ভিতৰত আছে শিলচৰ জিলা কংগ্ৰেছ কমিটীৰ উপ-সভাপতি ক্ৰমে ছামছুৰ ৰহমান চৌধুৰী (জন), আক্তাৰ হুছেইন বৰভূঞা, মজিবুৰ ৰহমান চৌধুৰী আৰু সাধাৰণ সম্পাদক ক্ৰমে আজমল হুছেইন লস্কৰ, ছাইন আহমেদ লস্কৰ, মহবুব হুছেইন (ৰিপন), হানিফ আলম মজুমদাৰ, আলতাফ হুছেইন লস্কৰ (টিটু) আৰু নজীৱ আহমেদ লস্কৰ।

ইয়াৰ উপৰিও অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক ইজাজ লস্কৰ, সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক জহুৰ চৌধুৰী, সোনাই মণ্ডল কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কাদিৰ আহমেদ লস্কৰ, জিলা সংখ্যালঘু বিভাগৰ প্ৰাক্তন সভাপতি আনছাৰ হুছেইন বৰলস্কৰ আৰু সোনাই সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ৰাকিব আহমেদ মজুমদাৰকো নিলম্বন কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *