মাজুলীত চাঞ্চল্যকৰ ঘটনা।
ব্ৰহ্মপুত্ৰত সন্ধানহীন ১০৮ নৌকা এম্বুলেন্সৰ চালক।
মাজুলীৰ অফলামুখ ফেৰী ঘাটত সন্ধানহীন ১০৮ নৌকা এম্বুলেন্সৰ চালক মাধৱ দাস।
জানিব পৰা মতে, নিমাতী ঘাটত এগৰাকী ৰোগীক থৈ মাজুলীৰ অফলামুখ ফেৰী ঘাটলৈ উভতি আহিছিল নৌকা এম্বুলেন্সখন।
নিশা প্ৰায় ১০ বজাত ঘাটত নৌকাখন ৰখোৱাৰ সময়তে চালকগৰাকী সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে।
সন্ধানহীন মাধৱ দাসৰ ঘৰ শদিয়াত বুলি জানিব পৰা গৈছে।
ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে নিশাই ঘটনাস্থলীত উপস্থিত হয় মাজুলী জিলা আৰক্ষী আৰু SDRFৰ দল। প্ৰতিকূল বতৰৰ মাজতো নিশাৰ পৰাই নিখোঁজ চালকজনৰ সন্ধানত অভিযান আৰম্ভ কৰা হয়।
ইফালে, ঘটনাৰ খবৰ পাই নিশাই অফলামুখ ফেৰী ঘাটত উপস্থিত হয় মাজুলীৰ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক।
ব্ৰহ্মপুত্ৰৰ প্ৰবল সোঁত আৰু প্ৰতিকূল বতৰৰ মাজতো মাধৱ দাসৰ সন্ধানত অভিযান অব্যাহত আছে।
ঘটনাটোক কেন্দ্ৰ কৰি মাজুলীত সৃষ্টি হৈছে গভীৰ উৎকণ্ঠাৰ।