শনিবাৰে নিশা মুম্বাইৰ ভূলেশ্বৰ অঞ্চলত ‘Bhuleshwar cha Raja’ৰ গণেশ মূৰ্তি শোভাযাত্ৰাত ভয়ংকৰ ঘটনা।
গণেশ মূৰ্তি শোভাযাত্ৰাৰ সময়ত বাগৰি পৰিল ২২ ফুট ওখ ভগৱান গণেশৰ প্ৰতিমা
ফলত দুজন লোকৰ মৃত্যু হয় আৰু আন পাঁচজন লোক গুৰুতৰভাৱে আহত হয়।
উল্লেখ্য যে, দক্ষিণ মুম্বাইৰ ভূলেশ্বৰ এলেকাৰ বলৰাম মাৰ্চেণ্ট ৰোড, কবুতৰখানা আৰু জয় অম্বে চকৰ ওচৰত সংঘটিত হয় এই ঘটনা ।‘ভূলেশ্বৰাচা ৰাজা’ গণপতি উদযাপনৰ সৈতে জড়িত গণেশ মূৰ্তিৰ আগমন শোভাযাত্ৰা চাবলৈ সেই স্থানত বহু ভক্তৰ সমাগম হৈছিল।ভাইখলাৰ পৰা ভূলেশ্বৰত থকা মণ্ডপলৈ প্ৰতিমাভাগ আনি থকা সমদলৰ সময়ত, মণ্ডপ পোৱাৰ মাত্ৰ ৫০-৬০ মিটাৰ আগতেই প্ৰতিমা ভাগৰ ভাৰসাম্য হেৰুৱাই মাটিত পৰি যায়। আহত হোৱা লোকসকল হৈছে- বৈভৱ ঘেনন্দ, পৱন চৌৰাচিয়া, লাৱণ্যা গনেৰ, দিব্যা গনেৰ আৰু কুনাল কাশিদ। আহতসকলৰ অৱস্থা সম্প্ৰতি সুস্থিৰ বুলি চিকিৎসালয় সূত্ৰই প্ৰকাশ কৰিছে।
সংবাদ সংস্থা ANIৰ তথ্য অনুসৰি, Brihanmumbai Municipal Corporation (BMC)-এ এই কথা সদৰী কৰিছে।
ঘটনা সংঘটিত হোৱা লগে লগে বি এম চি ফায়াৰ ব্ৰিগেড, মুম্বাই আৰক্ষী, ট্ৰেফিক পুলিচ আৰু ১০৮ এম্বুলেন্সৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই।। ৰাস্তাত কোনো ডাঙৰ খাল বা গাত নথকাৰ বাবে প্ৰাথমিকভাৱে কেৱল ভাৰসাম্য হেৰুওৱাৰ বাবেই এই দুৰ্ঘটনা ঘটা বুলি সন্দেহ কৰা হৈছে। সমগ্ৰ ঘটনাটো লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।