বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! সোমবাৰৰ পৰা বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং

বন্ধ শৰাইঘাটৰ পুৰণি দলং! ১৩ জুলাইৰ পৰা বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং। দুমাহৰ বাবে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং।

কাৰিকৰী বিজুতিৰ বাবে সম্পূৰ্ণৰূপে বন্ধ থাকিব শৰাইঘাটৰ পুৰণি দলং। সংবাদমেলযোগে এই কথা সদৰি কৰে কামৰূপ জিলা আয়ুক্তই।এই সংবাদমেলত উপস্থিত আছিল ট্রেফিকৰ উপ আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰা।

অহা ১৩ জুলাইৰ পৰা ১৫ ছেপ্টম্বৰলৈ বন্ধ থাকিব শৰাইঘাট দলংখন। দলংখন মেৰামতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ। পুৰণি শৰাইঘাটৰ দলং বন্ধ থকাৰ সময়ছোৱাত নতুন দলঙেৰে হ’ব যাতায়াত। ৰে’লৱেৰ বিভাগৰ সৈতে হোৱা বৈঠকত জনাইছিল যে, পুৰণি দলঙত যথেষ্ট সমস্যা হৈছে। সেয়েহে দলঙখন শীঘ্ৰে মেৰামতিৰ প্ৰয়োজন আছে। ৰাইজৰ কিছু সমস্যা হ’ব।

বৰাগাঁৱৰ পৰা চাংসাৰিলৈ প্রতিদিনে বাহনৰ চলাচল তদাৰক কৰিব যান-বাহন আৰক্ষীয়ে। গধুৰ আৰু দূৰণিবটীয়া বাহন বাইহাটা চাৰিআলিৰ পৰা কলিয়াভোমোৰাৰ দিশে যাবলৈ দিয়া হ’ব। জৰুৰীকালীন সেৱাৰ বাহনসমূহ নতুন দলঙেৰে চলাচল কৰিব পাৰিব। সৰু বাহনসমূহ কুমাৰ ভাস্কৰ বাৰ্মা সেতুৰে গুৱাহাটীলৈ আহিব পাৰিব। ইপিনে আজি নিশাৰে পৰাই কিছু ক্ষেত্রত কাৰ্যকৰী হ’ব এই নিয়ম।

Leave a Reply

Your email address will not be published. Required fields are marked *