দ’ পুখুৰীত সোমাই পৰিল ছুইফট বাহন;গাড়ীৰ ভিতৰতে প্ৰাণ গ’ল দুই যুৱকৰ

জামুগুৰিহাটৰ কুসুমটোলাত ভয়ংকৰ পথ দুৰ্ঘটনা৷ চাৰিলেনযুক্ত পথৰ পৰা দ’ পুখুৰীত সোমাল ছুইফট বাহন৷ বাহনৰ ভিতৰতে মৃত্যু দুইযুৱকৰ।

সোমবাৰে নিশা জামুগুৰিহাটৰ কুসুমটোলাৰ চাৰিলেনযুক্ত পথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা৷ মাজুলীৰ পৰা গুৱাহাটী অভিমুখী ML-10D-4928 নম্বৰৰ এখন ছুইফট বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই সোমাই পৰে এটি দ’ পুখুৰীত৷ তিনিগৰাকী লোক থকা বাহনখনৰপৰা কথমপিহে প্ৰাণ ৰক্ষা পৰে এজনৰ৷

পানীৰ তলৰ পৰা কোনোমতে প্ৰাণৰক্ষা পৰা লোকজন মেঘালয়ৰ নংপুৰ সমিক শ্বুৰ বুলি জানিব পৰা গৈছে৷ পানীৰ তলত ডুব যোৱা গাড়ীখনৰ ভিতৰতে মৃত্যু হয় দুজন লোকৰ। মৃত্যু হোৱা লোক দুজন চালক বিকি বৰ্মন আৰু বাবুল কলিতা বুলি জানিব পৰা গৈছে৷

ঘটনাস্থলীত জামুগুৰি আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ পুখুৰীত সোমাই থকা বাহনখন উদ্ধাৰ কৰাৰ লগতে মৃত্যুক আকোৱালি লোৱা দুই ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰি থানালৈ নিয়াৰ ব্যৱস্থা কৰে৷ অৱশ্যে কি পৰিস্থিতিত গাড়ীখন চাৰিলেনযুক্ত পথৰপৰা গৈ পুখুৰীত বাগৰি পৰিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *