দেশজুৰি সৃষ্টি হোৱা তীব্ৰ বিতৰ্ক আৰু প্ৰতিবাদৰ অন্তত অৱশেষত আজি অনুষ্ঠিত হ’ব NEET-UG ৰ পুনৰ পৰীক্ষা

দেশজুৰি সৃষ্টি হোৱা তীব্ৰ বিতৰ্ক আৰু প্ৰতিবাদৰ অন্তত অৱশেষত আজি অনুষ্ঠিত হ’ব NEET-UG ৰ পুনৰ পৰীক্ষা।

আজি বিয়লি ২ বজাৰ পৰা ৫.১৫ বজালৈ অনুষ্ঠিত হ’ব পৰীক্ষা।

দিনৰ ১১ বজাৰ পৰা পৰীক্ষা কেন্দ্ৰসমূহত আৰম্ভ হ’ব প্ৰৱেশ।

দুপৰীয়া ১.৩০ বজাত বন্ধ হ’ব পৰীক্ষা কেন্দ্ৰৰ গেট। অৱতীৰ্ণ হ’ব ২২ লক্ষাধিক পৰীক্ষাৰ্থী।

৯৫ হাজাৰৰো অধিক কেন্দ্ৰত অনুষ্ঠিত হ’ব পৰীক্ষা

সমগ্ৰ দেশৰ পৰা ২২ লাখতকৈও অধিক পৰীক্ষাৰ্থী এই গুৰুত্বপূৰ্ণ প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’ব।

ভাৰতৰ ৫৫১খন চহৰ আৰু বিদেশৰ ১৪টা স্থান ধৰি প্ৰায় ৫,৪০০ টা নিৰ্ধাৰিত কেন্দ্ৰত অফলাইন মাধ্যমত এই পৰীক্ষা পৰিচালনা কৰা হৈছে।

NTA-ৰ তৰফৰ পৰা পৰীক্ষাৰ্থীসকলক কেৱল বৈধ প্ৰৱেশ পত্ৰ আৰু পৰিচয় পত্ৰ লগত আনিবলৈ নিৰ্দেশ দিয়া হৈছে।

সমগ্ৰ প্ৰক্ৰিয়াটো নিকা আৰুিকা আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰিবলৈ দেশজুৰি হাজাৰ হাজাৰ নিৰীক্ষক আৰু আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *