দুৰ্গাপূজাৰ আনন্দ-উল্লাসৰ মাজতে যোৰহাটত চোৰৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান। সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋষিকেষ হাজৰিকাৰ নেতৃত্বত চলোৱা অভিযানত যোৰহাটৰ বিভিন্ন স্থানৰ পৰা আটক কৰিবলৈ সক্ষম হয় ৯জনকৈ চোৰক।
আৰক্ষীৰ এই অভিযানত জব্দ কৰা হৈছে বহু সামগ্ৰী। জব্দকৃত সামগ্ৰীসমূহৰ বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা হ’ব বুলি জানিবলৈ দিয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ঋষিকেষ হাজৰিকাই।।
পূজাৰ পূৰ্বে চোৰৰ বিৰুদ্ধে যোৰহাট আৰক্ষীৰ এই অভিযানক লৈ এতিয়া চৰ্চা।