গুৱাহাটী ৰে’ল ষ্টেচনত ৰে’ল সুৰক্ষা বাহিনীৰ বৃহৎ সফলতা। ষ্টেচনত চলোৱা এক বিশেষ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অবৈধ সুৰা লগতে আটক এজন যুৱকক
প্ৰাপ্ত তথ্য অনুসৰি, আম্বুবাচী মেলাৰ পূৰ্বে RPF-ৰ দলে ৰে’ল ষ্টেচন চৌহদত নিৰাপত্ত ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। তেনে সময়তে ষ্টেচনৰ পাৰ্চেল গেটৰ সমীপত এজন যুৱকক সন্দেহজনক অৱস্থাত ঘূৰি ফুৰা প্ৰত্যক্ষ কৰি সুৰক্ষা কৰ্মীসকলে তেওঁক সোধা-পোছা কৰে। যুৱকজনৰ লগত থকা বেগসমূহ তালাচী কৰাত তাৰ ভিতৰৰ পৰা ২৬৪ বটল বীয়েৰ উদ্ধাৰ কৰা হয়। জব্দ কৰা এই অবৈধ সুৰাখিনিৰ বজাৰ মূল্য প্ৰায় ২৯ হাজাৰ টকাৰো অধিক বুলি জানিব পৰা গৈছে।
আনফালে, আটক কৰা যুৱকজন বিহাৰৰ নৰেশ কুমাৰ সাহু বুলি জানিব পৰা হৈছে।
অভিযুক্ত যুৱকজনে স্বীকাৰ কৰে য,তেওঁ এই বীয়েৰখিনি গুৱাহাটীৰ পল্টনবজাৰ অঞ্চলৰ পৰা ক্ৰয় কৰিছিল। লগতে ধৃত চোৰাং ব্যৱসায়ী নৰেশ কুমাৰ সাহুক জব্দকৃত সুৰাখিনিৰ সৈতে পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে আবকাৰী বিভাগৰ হাতত গতাই দিয়া হৈছে। আম্বুবাচী মেলা শান্তিপূৰ্ণভাৱে পাৰ কৰিবলৈ আৰু যাত্ৰীসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ গুৱাহাটী ৰে’ল ষ্টেচনত RPF-ৰ এই বিশেষ অভিযান অব্যাহত থাকিব বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে।