আজি ষষ্ঠী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পূজাৰ প্ৰস্তুতিৰ দেখিবলৈ পোৱা গৈছে ভক্তপ্ৰাণ ৰাইজৰ মাজত উৎসাহ-উদ্দীপনা। আটকধুনীয়াকৈ সজাই তোলা হৈছে পূজা মণ্ডপসমূহ। দেৱীৰ প্ৰতিমা, বৰ্ণিল আলোকসজ্জা আৰু আকৰ্ষণীয় মণ্ডপে পূজাৰ পৰিৱেশ অধিক মনোমোহা কৰি তুলিছে।
ষষ্ঠীৰ পৰাই পূজা মণ্ডপসমূহত ভক্তৰ সমাগম বৃদ্ধি পায়। লগতে পৰিয়াল-পৰিজনৰ সৈতে পূজা চাবলৈ ওলোৱাৰ প্ৰস্তুতি চলিছে। পূজাক কেন্দ্ৰ কৰি বজাৰ-সমাৰতো দেখা গৈছে ব্যস্ততা। নতুন কাপোৰ ক্ৰয়ৰ পৰা আৰম্ভ কৰি পূজাৰ বিভিন্ন সামগ্ৰী সংগ্ৰহলৈকে সকলোতে পৰিলক্ষিত হৈছে উৎসৱৰ আমেজ।কেৱল ধৰ্মীয় অনুষ্ঠানেই নহয়, দুৰ্গোৎসৱ হৈছে সম্প্ৰীতি, ভাতৃত্ববোধ আৰু সামাজিক মিলনৰো এক অনন্য উপলক্ষ।
জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে মানুহক একত্ৰিত কৰা এই উৎসৱে সমাজত ঐক্য আৰু সম্প্ৰীতিৰ বাৰ্তা বহন কৰে।ষষ্ঠীৰ পৰাই আৰম্ভ হোৱা এই শাৰদীয় উৎসৱৰ পৰৱৰ্তী দিনকেইটাত পূজা মণ্ডপসমূহত বিভিন্ন ধৰ্মীয় অনুষ্ঠান, আৰতি, অঞ্জলি আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ’ব। দেৱী দুৰ্গাৰ আশিসেৰে সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই অনাৰ কামনাৰে ভক্তপ্ৰাণ ৰাইজে উদযাপন কৰিছে শাৰদীয় দুৰ্গোৎসৱ।