আজি মহাপুৰুষ মাধৱদেৱৰ ৪৩০ সংখ্যক তিৰোভাৱ তিথি

আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৪৩০ সংখ্যক তিৰুভাৱ তিথি।

আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৪৩০ সংখ্যক তিৰোভাৱ তিথি উপলক্ষে ৰাজ্যৰ সত্ৰ নামঘৰ সমুহত আধ্যত্মিক পৰিৱেশে বিৰাজ কৰিছে।

সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাটৰ ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰ নামঘৰতো পুৱাৰে পৰা বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰে মুখৰিত হৈ পৰিছে।

পুৱাৰে পৰা ভকত-বৈষ্ণৱসকলে হাতে হাতে ধূপ-চাকি, শৰাই-নৈবেদ্য লৈ নামঘৰত উপস্থিত হৈ নেদেখাজনৰ ওচৰত সেৱা আগবঢ়ায়।

ইফালে, তিৰোভাৱ তিথি উপলক্ষে কণ-কণ শিশুসকলেও বৰগীত পৰিৱেশন কৰি ভক্তিৰসত বিলীন হোৱা পৰিলক্ষিত হৈছে।

দিহানাম পৰিৱেশন কৰি নামঘৰৰ পৰিৱেশ অধিক আধ্যাত্মিক কৰি তোলে।

শ্ৰী শ্ৰী মাধৱদেৱৰ অমৰ সৃষ্টি, নাম-ধৰ্ম আৰু বৈষ্ণৱ সংস্কৃতিৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি ভকত-বৈষ্ণৱসকলে দিনজোৰা বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *