মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে ভুৱা প্ৰচাৰ কৰি মহাবিপদত কংগ্ৰেছৰ নেতা পৱন খেড়া

নতুন দিল্লীৰ কাকাস্থিত পৱন খেড়াৰ বাসগৃহত অসম আৰক্ষীৰ দল আৰু দিল্লী আৰক্ষীৰ দল।

উল্লেখ্য যে, কংগ্ৰেছ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰী আৰু তেওঁৰ পত্নীৰ নামত বহিঃৰাষ্ট্ৰৰ তিনিখনকৈ পাছপ’ৰ্ট আছে বুলি অভিযোগ আনিছিল ৷ কংগ্ৰেছ নেতা পৱন খেড়াই অনা অভিযোগক দেওবাৰে নিশাই মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই মানহানি গোচৰ ৰুজু কৰিছিল৷

সেই গোচৰৰ ভিত্তিত গুৱাহাটী মহানগৰ আৰক্ষীৰ ডিচিপি দেৱজিত নাথৰ নেতৃত্বত দিল্লীত উপস্থিত হয় অসম আৰক্ষীৰ এটা দল ৷ দিল্লীৰ নিজামুদ্দিনস্থিত ঘৰ নং ডি ১২ত কংগ্ৰেছ নেতা পৱন খেড়াক বিচাৰি অসম আৰক্ষীৰ এটা দল উপস্থিত হোৱাত দিল্লী আৰক্ষীয়েও সহযোগ কৰে দলটোক ৷

Leave a Reply

Your email address will not be published. Required fields are marked *