ক্রাইম ব্রাঞ্চত হাজিৰ নহ’ল পৱন খেড়া

ক্রাইম ব্রাঞ্চত হাজিৰ নহ’ল পৱন খেড়া। পূৰ্বনিৰ্ধাৰিত জাননী থকাৰ পিছতো আজি ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ত হাজিৰ নহ’ল জ্যেষ্ঠ কংগ্ৰেছ নেতাজন।

উল্লেখ্য যে,চলিত বৰ্ষৰ ৫ এপ্ৰিলত এক সংবাদমেলত খেড়াই মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে একাধিক পাছপ’ৰ্ট আৰু বিদেশী সম্পত্তি আছে বুলি অভিযোগ আনিছিল । কিন্তু সেইবোৰৰ তথ্য ৯ এপ্ৰিলত ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ বাবে হিমন্ত বিশ্ব শৰ্মাই যি নিৰ্বাচনী শপতনামা দাখিল কৰিছিল তাত ঘোষণা কৰা হোৱা নাছিল । ইফালে এই অভিযোগক মিছা আৰু মনেসজা বুলি মুখ্যমন্ত্ৰী তথা তেওঁৰ পত্নীয়ে নাকচ কৰে ।কংগ্ৰেছ নেতা খেড়াই উত্থাপন কৰা সকলো অভিযোগ মিছা আখ্যাৰে অপৰাধ অনুসন্ধান শাখাত গোচৰ ৰুজো কৰিছিল মুখ্যমন্ত্ৰী পত্নী ৰিণিকিয়ে ৷

অসম প্ৰদেশ কংগ্ৰেছ কমিটি ৰ নেতৃত্বই সদৰি কৰা মতে, ৰাহুল গান্ধীৰ এক বিশেষ দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলগীয়া হোৱাৰ বাবেই খেড়াই ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ’ব নোৱাৰিলে। দলীয় অনুষ্ঠানত গুৰুত্বপূৰ্ণ দায়িত্বত থকাৰ বাবেই তেওঁ দিল্লীত ব্যস্ত আছে আৰু সেইবাবেই অসমলৈ আহিব পৰা নাই। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেও দুটাকৈ গুৰুত্বপূৰ্ণ তাৰিখত ক্ৰাইম ব্ৰাঞ্চৰ জেৰাত হাজিৰ হোৱা নাছিল পৱন খেড়া।

Leave a Reply

Your email address will not be published. Required fields are marked *