লিকাবালিত উত্তপ্ত পৰিস্থিতি। অসম-অৰুণাচল সীমান্তৰ মিংমাং বদতিত সংঘটিত ঘটনাৰ প্ৰতিবাদত TMPKই গ্ৰহণ কৰা অৰ্থনৈতিক অৱৰোধৰ সময়ত সৃষ্টি হয়।উত্তপ্ত পৰিস্থিতিৰ।
লিকাবালিত TMPKৰ প্ৰতিবাদকাৰীলৈ অৰুণাচলীয়ে ধাৰাসাৰ শিলগুটি নিক্ষেপ কৰে। সমান্তৰালভাৱে অৰুণাচলী আৰক্ষীয়েও চাৰিজাঁই গুলীচালনা কৰে।
শতাধিক অৰুণাচলী লোকে আক্ৰমণ চলাই প্ৰতিবাদকাৰীৰ ওপৰত। অৰুণাচলীৰ শিলাবৰ্ষণত আহত হয় কেইবাজনো TMPKৰ প্ৰতিবাদকাৰী।
অৱৰোধ চলি থকাৰ মাজতে প্ৰতিবাদকাৰী আক্ৰমণৰ লক্ষ্য কৰি লয় অৰুণাচলীয়ে। ফলত উত্তাল হৈ পৰে লিকাবালিৰ প্ৰতিবাদস্থলী। ঘটনাস্থলীত উপস্থিত হৈছে অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়া।