পঞ্জাবৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী আৰু শিৰোমণি আকালি দলৰ সভাপতি সুখবীৰ সিং বাদলক আক্ৰমণ।
বৃহস্পতিবাৰে মহাৰাষ্ট্ৰৰ নান্দেড়স্থিত তখত শ্ৰী হাজুৰ চাহিবৰ মাতা চাহিব গুৰুদ্বাৰৰ ওচৰত এজন আক্ৰমণকাৰীয়ে ধাৰাল অস্ত্ৰৰে বাদলক আক্ৰমণ কৰে।আক্ৰমণত হাতত আঘাতপ্ৰাপ্ত হয়।সুখবীৰ সিং
খবৰ অনুসৰি, আক্ৰমণকাৰীজন যশপাল সিং নামৰ এজন নিহাং আছিল আৰু তেওঁৰ হাতত এখন ‘kirpan’ আছিল।ঘটনাৰ পাছত বাদলক চিকিৎসাৰ বাবে Yashosai Hospitalলৈ যোৱা হয়। বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ আৰু তেওঁ হাস্পতালত চিকিৎসাধীন হৈ আছে।
সূত্ৰ অনুসৰি, আক্ৰমণকাৰীজনে সুখবীৰ বাদলৰ পেটত ছুৰী মাৰিবলৈ চেষ্টা কৰিছিল। কিন্তু নিৰাপত্তাৰক্ষীসকলে তৎক্ষণাৎ হস্তক্ষেপ কৰি তেওঁক বাধা দিবলৈ সক্ষম হয়।
ঘটনাটোৰ ক্ৰম আৰু বাদলৰ ওপৰত আক্ৰমণ কেনেদৰে সংঘটিত হৈছিল সেয়া জানিবলৈ আৰক্ষীয়ে চিচিটিভি ফুটেজ পৰীক্ষা কৰি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্জাৱ নিৰ্বাচনৰ পূৰ্বে সম্ভাৱ্যভাৱে বিজেপি-আকালি দলৰ মিত্ৰতা পুনৰুজ্জীৱিত কৰাৰ বিষয়ে আলোচনা কৰিবলৈ SADৰ সভাপতিগৰাকীক সাক্ষাৎ কৰাৰ কেইদিনমান পিছতে এই আক্ৰমণ সংঘটিত হৈছে।