পুনৰ মহানগৰীত চিলনী চোৰৰ সন্ত্রাস । স্মাৰ্ট আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ লৈ মহানগৰীত সঘনাই বৃদ্ধি পাবলৈ ধৰিছে চেইন চুৰি, মোবাইল চুৰিৰ দৰে একাধিক অপৰাধমূলক ঘটনা ।
ইয়াৰ মাজতেই গুৱাহাটী মহানগৰীত পুনৰ লুটপাতৰ ঘটনা। মহিলাৰ ডিঙিৰ পৰা চিলনী চোৰে থপিয়াই নিলে সোণৰ চেইন।
দিন দুপৰতে নুনমাটিত চিলনী চোৰৰ সন্ত্ৰাস
নিউ গুৱাহাটী তিনি আলীত এগৰাকীৰ মহিলাৰ ডিঙিৰ পৰা বাইকত অহা দুই যুৱকে থপিয়াই লৈ গ’ল সোণৰ চেইন।
মহিলা গৰাকীয়ে হুলস্থুল কৰাত ঘটনাস্থলীত ৰাইজে প্রত্যক্ষ কৰি এজন যুৱকক আটক কৰে যদিও আনজন যুৱক সোনৰ চেইণডাল লৈ পলায়ন কৰে।
স্থানীয় ৰাইজে আটক কৰা যুৱক জনক ধৰি বান্ধি উত্তম মাধ্যম সোধায়।
এই ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি।হয়