আজিৰ পৰা বানাক্ৰান্ত অঞ্চলত আৰম্ভ চিকিৎসা শিবিৰ।।
বিজেপি দলে আৰম্ভ কৰিছে চিকিৎসা শিবিৰ।
গুৱাহাটীৰ ১৫ জনীয়া এটা বিশেষজ্ঞ চিকিৎসকৰ দলে যোৰহাটৰ এলেংমৰা,টীয়ক আৰু গোলাঘাট জিলাত আৰম্ভ কৰিছে চিকিৎসা সেৱা।
সোমবাৰে কেবাগৰাকীও বিশেষজ্ঞ চিকিৎসক গুৱাহাটীৰ পৰা উজনি অসমলৈ আহিব আৰু শিৱসাগৰ, চৰাইদেউ জিলাত চিকিৎসা সেৱা আগবঢ়াব।
এই ১৫ জনীয়া চিকিৎসকৰ দলটোৱে বানপানীৰ সময়ত হ’ব পৰা বিভিন্ন ৰোগৰ চিকিৎসা সেৱা প্ৰদান কৰিছে।
এই ক্ষেত্ৰত চৰকাৰে যথোপযুক্ত পদক্ষেপ গ্ৰহণ কৰা বুলি চিকিৎসক কেইগৰাকীয়ে জানিবলৈ দিছে।