কথমপি প্ৰাণ ৰক্ষা পদ্মশ্ৰী বঁটাপ্ৰাপক উদ্ভাৱক উদ্ধৱ ভৰালীৰ

গহপুৰৰ কলাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত বিশিষ্ট বিজ্ঞানী তথা পদ্মশ্ৰী বঁটাপ্ৰাপক উদ্ভাৱক উদ্ধৱ ভৰালী গুৰুতৰভাৱে আহত

প্ৰাপ্ত তথ্য অনুসৰি, বিশিষ্ট উদ্ভাৱকগৰাকীয়ে নিজৰ ব্যক্তিগত বাহনেৰে লখিমপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল। তেনে সময়তে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কলাবাৰী গাঁও পঞ্চায়তৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই তেওঁৰ বাহনখনে পথৰ কাষত থকা এজোপা গছত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। খুন্দা ইমানেই তীব্ৰ আছিল যে বাহনখনৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে ভাঙি চূৰ্ণ-বিচূৰ্ণ হৈ পৰে।

আনহাতে, দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰিয়েই স্থানীয় ৰাইজে তাৎক্ষণিকভাৱে ১০৮ জৰুৰীকালীন সেৱাৰ বাহন মাতি গুৰুতৰভাৱে আহত উদ্ধৱ ভৰালীক প্ৰাথমিক চিকিৎসাৰ বাবে কলাবাৰী আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। সম্প্ৰতি আৰক্ষী আৰু চিকিৎসাকৰ্মীৰ দলে তেওঁৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *