জাগীৰোডৰ পৰা নাগালেণ্ড অভিমুখে প্ৰায় ৬০০ কেজি নিষিদ্ধ থাইলেণ্ড মাগুৰ কঢ়িয়াই নিয়া NL-07-AA-5900 নম্বৰৰ বাহন জব্দ
নিশা হোজাইৰ আকাশীগংগাত স্থানীয় হালদি আটীৰ হিফজুৰ, আৰিফ আৰু তাজ উদ্দিন নামৰ তিনিজন যুৱকে মাছভৰ্তি বাহনখন আটক কৰি আৰক্ষীক চমজাই দিয়ে।ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ।
উল্লেখ্য যে,ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ পাছতেই ঘটনাস্থলীত মীন বিভাগৰ FDO নিশী শৰ্মা আৰু ফীল্ড ডিম’নষ্ট্ৰেটৰ লক্ষ্মণ দাস উপস্থিত হয়। তেওঁলোকৰ উপস্থিতিত জব্দ কৰা মাগুৰসমূহ পৰীক্ষা কৰি নিষিদ্ধ থাইলেণ্ড মাগুৰ বুলি নিশ্চিত কৰা হয় আৰু জেচিবিৰ সহায়ত ডাঙৰ গাঁত খান্দি মাটিৰ তলত নিধন কৰে।
অবৈধ সৰবৰাহৰ এই সমগ্ৰ ঘটনাত এক ভয়ংকৰ বিত্তীয় লেনদেনৰ অভিযোগ পোহৰলৈ আহিছে। মাছ ব্যৱসায়ী জিয়াবুৰ ৰহমানে স্থানীয় আৰিফ উদ্দিন নামৰ যুৱকজনৰ বিৰুদ্ধে ধন দাবী আৰু লেনদেনৰ অভিযোগ উত্থাপন কৰিছে।
জিয়াউৰৰ অভিযোগ অনুসৰি, আৰিফেৰ জৰিয়তে ৭০ হাজাৰ টকা আৰু নগদ ৬০ হাজাৰ টকা লেনদেনৰ দাবী উত্থাপন কৰিছিল আৰু সেই স্ক্ৰীণশ্বট সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
আনহাতে, সামাজিক মাধ্যমত বিত্তীয় লেনদেনৰ স্ক্ৰীণশ্বট ভাইৰেল হোৱাৰ পাছতো আৰক্ষী আৰু প্ৰশাসনে পৰ্যাপ্ত তথা নিৰপেক্ষ তদন্ত নকৰাৰ অভিযোগ উঠিছে। ৰাজ্যজুৰি নিষেধাজ্ঞা থকাৰ পাছতো মধ্যভোগী আৰু চিণ্ডিকেট চক্ৰৰ ‘ছেটিং’ত ৰাজপথত কেনেকৈ মাছভৰ্তি বাহন পাৰ হৈ যাব পাৰে তাক লৈ সচেতন ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। সমগ্ৰ ঘটনাৰ এক উচ্চস্তৰীয় নিৰপেক্ষ তদন্ত চলাই অবৈধ সৰবৰাহ আৰু বিত্তীয় লেনদেনত জড়িত প্ৰত্যেকজন লোকৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে।