ছুপাৰমাৰ্কেটত জব্দ ৮ কোটি টকাৰ হেৰ’ইন;জব্দ এটা পইণ্ট থ্ৰী টু মাৰাণাস্ত্ৰ, ৬ ৰাউণ্ড সক্ৰিয় গুলী

দিছপুৰ আৰক্ষীৰ বৃহৎ সফলতা।

মহানগৰীত ড্ৰাগছৰ বৃহৎ নেটৱৰ্ক উৎখাত দিছপুৰ আৰক্ষীৰ।

দিছপুৰ আৰক্ষীয়ে জব্দ কৰিলে ১.০৫৬ কিলোগ্ৰাম হেৰ’ইন।

জব্দকৃত ড্ৰাগছৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৮ কোটি টকা।

ড্ৰাগছসহ গ্ৰেপ্তাৰ এহাল দম্পতীক।

ধৃতলোককেইজন সঞ্জীৱ ৰায় ওৰফে মুন্না আৰু পত্নী নিতুমণি মেধি বুলি জানিব পৰা গৈছে।

ছুপাৰমাৰ্কেটত বাহনসহ গ্ৰেপ্তাৰ দম্পতীহালক।

ইফালে গ্ৰেপ্তাৰ কৰা দম্পতীহালৰ কাহিলীপাৰাৰ ভাড়াঘৰত আৰক্ষীয়ে অভিযান চলাই।

অভিযানত ভাড়াঘৰৰ পৰা উদ্ধাৰ ৯৫টা চাবোনৰ বাকচভৰ্তি ড্ৰাগছ, এটা পইণ্ট ৩২ পিষ্টলসহ ৬ জাই সজীৱ গুলী।

লগতে অভিযানত জব্দ নোট গণনা কৰা মেচিন।

আৰক্ষীয়ে জব্দ কৰিলে দুখন চাৰিচকীয়া বাহন, এখন বাইক।

ড্ৰাগছৰ নেটৱৰ্কক লৈ অব্যাহত আৰক্ষীৰ তদন্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *