মহানগৰীৰ নীলাচল পাহাৰত নিশা হঠাৎ হাহাকাৰ পৰিস্থিতি।

মহানগৰীৰ নীলাচল পাহাৰত নিশা হঠাৎ হাহাকাৰ পৰিস্থিতি।

শক্তিপীঠ মা কামাখ্যা দেৱালয়লৈ যোৱা মূল পথটোত হঠাতে বাগৰি পৰে এজোপা প্ৰকাণ্ড গছ।

নিশাৰ ভাগত হোৱা এই অঘটনৰ ফলত মন্দিৰলৈ যোৱা মূল পথটোত যাতায়াত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে।

অৱশ্যে সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

​দুৰ্গা পূজাৰ প্ৰাকক্ষণত শক্তিপীঠখনলৈ ভক্তৰ আগমন বৃদ্ধি পোৱাৰ সময়তে হোৱা এই অঘটনৰ খবৰ পোৱা মাত্ৰকে তৎপৰ হৈ পৰে প্ৰশাসন।

নিশাই ঘটনাস্থলীত ততাতৈয়াকৈ উপস্থিত হয় খানামুখ বন বিভাগৰ এটা দল।

লগতে উদ্ধাৰ অভিযানত যোগ দিয়ে পাণ্ডু অগ্নি আৰু জৰুৰীকালীন বিভাগৰ দলো।

​বনবিভাগ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোকসকলে যুটীয়াভাৱে অত্যাধুনিক যন্ত্ৰৰ সহায়ত গছজোপা কাটি পথৰ পৰা আঁতৰাবলৈ সক্ষম হয়।

প্ৰায় দুই ঘণ্টাজোৰা নেৰানেপেৰা প্ৰচেষ্টাৰ অন্তত বিভাগীয় লোকসকলে গছজোপা সম্পূৰ্ণৰূপে আঁতৰাই পথটো যান-বাহন চলাচলৰ বাবে মুকলি কৰিবলৈ সক্ষম হয়।

দুৰ্গা পূজাৰ ঠিক আগমুহূৰ্তত প্ৰশাসনৰ এই তাৎক্ষণিক পদক্ষেপৰ বাবে এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে স্থানীয় লোকৰ লগতে ভক্তপ্ৰাণ ৰাইজে।

Leave a Reply

Your email address will not be published. Required fields are marked *