বন্যহস্তীৰ ত্ৰাস: হাতী জাকে ভাঙিলে আপোন পঁজাটি

খেৰণি দক্ষিণ বনাঞ্চলৰ অন্তৰ্গত বৰমাটিখুলা গাঁৱত বনৰীয়া হাতীৰ উপদ্ৰৱ।

শনিবাৰে নিশা প্ৰায় ১০.৩০ বজাত দুটা বনৰীয়া হাতীয়ে গাঁওখনত প্ৰৱেশ কৰি তাণ্ডৱ চলায়।

বন্যহস্তী দুটাৰ আক্ৰমণত প্ৰজেশ মাৰাক আৰু ছলিয়ন মাৰাক নামৰ দুজন লোকৰ দুখন বাসগৃহ ক্ষতিগ্ৰস্ত হয়।

হাতী দুটাই বাসগৃহ বিস্তৰ ক্ষতিসাধন কৰাৰ লগতে টিভি, টিনকে ধৰি বহুতো ঘৰুৱা সামগ্ৰী নষ্ট কৰে।

হাতীৰ উপদ্ৰৱত পৰিয়াল দুটাৰ যথেষ্ট ক্ষতি হোৱা বুলি জানিব পৰা গৈছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।

বনাঞ্চলৰ পৰা জনাঞ্চললৈ বনৰীয়া হাতীৰ আগমন ৰোধ কৰাৰ লগতে ক্ষতিগ্ৰস্ত পৰিয়াল দুটাক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ বাবে বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া লক্ষণীয় হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *