মুম্বাইৰ ঘাটকোপৰত ভয়ংকৰ ভূমিস্খলন বুধবাৰে পুৱতিনিশা ঘাটকোপৰৰ পাহাৰৰ এটা অংশ খহি পৰে কেইবাটাও ঘৰৰ
জানিব পৰা মতে, বুধবাৰে পুৱতিনিশা প্ৰায় ৩ বাজি ৪৮ মিনিটত চিৰাগ নগৰৰ গাউছিয়া চাউলত ৰাথোৰ মেডিকেলৰ ওচৰত পাহাৰৰ এটা অংশ খহি পৰে। ভূমিস্খলনৰ মাটি আৰু ধ্বংসাৱশেষ দুই-তিনিটা ঘৰৰ ওপৰত পৰে। ধ্বংসাৱশেষত ২৮ বছৰীয়া ছাহিল আনছাৰী আৰু ১৪ বছৰীয়া মহম্মদ ছামিৰ নামৰ দুজন লোক আৱদ্ধ হৈ পৰে যদিও ততাতৈয়াকৈ লোক দুজনক উদ্ধাৰ কৰি ৰাজাৱাড়ী হাস্পতালত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসকে দুয়োকে মৃত ঘোষণা কৰে।
প্ৰাথমিকভাৱে তিনিজনৰ পৰা চাৰিজন লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থাকিব পাৰে বুলি খবৰ পোৱা গৈছিল। কিন্তু স্থানীয় বাসিন্দাসকলে দাবী কৰা অনুসৰি ছয়ৰ পৰা আঠজন লোক আবদ্ধ হৈ থকাৰ সম্ভৱনা আছে।
ঘটনা সন্দৰ্ভত ডিচিপি গণেশ শিণ্ডেই জনায় যে এতিয়ালৈকে দুটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ অভিযান অব্যাহত আছে। তেওঁ কয় যে বৰষুণৰ ফলতেই ঘাটকোপৰ থানাৰ অন্তৰ্গত অশোকনগৰ অঞ্চলত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে।
ঘটনাটোত আৰু দুজন লোক আহত হৈছে। তেওঁলোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোকৰ শাৰীৰিক অৱস্থা সুস্থিৰ। আহতসকলৰ ভিতৰত ১৮ বছৰীয়া ছোহেল আনছাৰীৰ মূৰত আঘাত লাগিছে। আনহাতে, ১৪ বছৰীয়া মহম্মদ আনছাৰীৰ পিঠিত আঘাত লাগিছে।