শ্ৰমিকৰ অধিকাৰ সুৰক্ষিত কৰা, শ্ৰমিক স্বাৰ্থবিৰোধী শ্ৰম কোড বাতিল কৰা আৰু ভাৰত-আমেৰিকা বাণিজ্য চুক্তি বাতিল কৰাৰ দাবীত সোমবাৰে হাটশিঙিমাৰীত উত্তাল প্ৰতিবাদ।
সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন মঞ্চ আৰু কিষাণ মঞ্চৰ আহ্বানত দেশজুৰি গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো এই প্ৰতিবাদ অনুষ্ঠিত হয়।
প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ আৰু প্লেকাৰ্ড লৈ এছ ইউ চি আইৰ জিলা কাৰ্যালয়ৰ পৰা এক প্ৰতিবাদী সমদল উলিয়ায়। বিভিন্ন শ্লোগান দি সমদলটো হাটশিঙিমাৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয়। ইয়াৰ পাছতে কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদকাৰীসকলে বিভিন্ন দাবী উত্থাপন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে শ্ৰম কোডসমূহ শ্ৰমিক স্বাৰ্থবিৰোধী। সেয়ে শ্ৰমিকৰ অধিকাৰ আৰু স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে শ্ৰম কোড বাতিল কৰাৰ দাবী জনায়।
ইয়াৰ লগতে ভাৰত–আমেৰিকা বাণিজ্য চুক্তি বাতিল, কৃষকৰ স্বাৰ্থ ৰক্ষা আৰু কৃষিজাত ফচলৰ ন্যায্য মূল্য নিশ্চিত কৰাৰ দাবীও উত্থাপন কৰে। কৃষকৰ উৎপাদিত ফচলৰ বাবে C2+50 শতাংশ হিচাপত ন্যূনতম সমৰ্থন মূল্য (MSP) নিশ্চিত কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে।