সোণাপুৰৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

ক্ষেত্ৰীত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাৰ পিছত ঘটনাস্থলীত পৰিদৰ্শন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি সমগ্ৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰে।

দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ক্ষেত্ৰীৰ ভয়ংকৰ পথ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা মুখ্যমন্ত্ৰীৰ।

লগতে দুৰ্ঘটনাত আহতসকলক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় (GMCH)ত বিনামূলীয়াকৈ চিকিৎসা প্ৰদান কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *