বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত চাকলাত নিশা ভয়ংকৰ অগ্নিকাণ্ড।
কোকিলা প্ৰেছ ক্লাৱৰ সন্মুখত থকা দোকানসমূহত হঠাৎ জুইৰ সূত্ৰপাত হোৱাত নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে কেইবাখনো দোকান।
অগ্নিকাণ্ডত প্ৰায় ১২টা পকী দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়।
অগ্নিকাণ্ডত ভস্মীভূত হয় আশ্বাদুল ইছলামৰ গেলামাল আৰু কম্পিউটাৰৰ দোকান, ছাহজাহান আমিনৰ কিতাপ-কম্পিউটাৰ আৰু মোবাইলৰ দোকান, মনোৱাৰ হুছেইনৰ ফাৰ্মাচী, আজিজুৰ ৰহমানৰ চাহৰ দোকান, শ্বহিদুল ইছলামৰ গেলামালৰ দোকান, আমিৰ হামজাৰ কাপোৰৰ দোকান, আমিৰ হোছেইনৰ দানা চাপৰ, ফৰিদুল ইছলামৰ ভেটেৰনাৰী দোকান, জাহাঙ্গীৰ আলমৰ ই-ৰিক্সাৰ দোকান আৰু দবিৰ উদ্দিনৰ চেলুনকে ধৰি কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান।
অগ্নিকাণ্ডৰ ফলত প্ৰায় ডেৰ কোটি টকাৰ সা-সামগ্ৰী জুইত জাহ যোৱা বুলি জানিব পৰা গৈছে।
ইফালে, অগ্নিকাণ্ডৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয় আৰু বহু সময় ধৰি চেষ্টা চলাই অৱশেষত জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয়।।
প্ৰাথমিকভাৱে বিদ্যুতৰ শ্বট ছাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে যদিও ঘটনাৰ প্ৰকৃত কাৰণ তদন্তৰ পিছতহে স্পষ্ট হ’ব।
এই ভয়ংকৰ অগ্নিকাণ্ডত সৰ্বস্ব হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকল ।