সাৱধান! গুৱাহাটীত ঘূৰিছে চিকিৎসকৰ ৰূপত চোৰ
জালুকবাৰীৰ সুন্দৰবড়ীত চিকিৎসা কৰিবলৈ গৈ চোৰে চলালে লুটপাত
জেচমিন খাতুন নামৰ এগৰাকী যুৱতীৰ মাতৃক চিকিৎসা কৰিবৰ বাবে আহিছিল এজন লোক
লোকজনে চিকিৎসা কৰাৰ চলেৰে মাতৃ আৰু যুৱতীগৰাকীক খুৱাই দিয়ে নিচাযুক্ত দ্ৰব্য
আৰু দুয়োগৰাকী অচেতন হোৱাৰ পিছতে ঘৰ সকলো সা সামগ্ৰী লুটপাত কৰে
চোৰটোৱে লুটি নিয়ে সোণৰ আ-অলংকাৰ সহ নগদ ধন
ইফালে ভুক্তভোগীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে আৰম্ভ কৰে ঘটনা তদন্ত
সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছে দুজনক
প্ৰথমে চিচিটিভিৰ দৃশ্যৰ ভিত্তিত হাৰান আলী নামৰ চোৰটোক গ্ৰেপ্তাৰ কৰা হয়
চুৰি সোণৰ আ-অলংকাৰ ক্ৰয়ৰ অভিযোগত মামা ভাগিন জুৱেলাৰীৰ স্বত্বাধিকাৰী বাবুল আহমেদকো গ্ৰেপ্তাৰ
দুয়োৰে পৰা চুৰি হোৱা সকলো সামগ্ৰী সহ নগদ ধন উদ্ধাৰ কৰা হৈছে
সম্প্ৰতি জালুকবাৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে ঘটনাৰ পৰৱৰ্তী অনুসন্ধান