মুকলি আকাশৰ তললৈ আহিল সন্দীপন গাৰ্গ। বাক্সা জিলা কাৰাগাৰৰ পৰা ওলাল জুবিন গাৰ্গ হত্যা গোচৰত অভিযুক্ত সন্দীপন গাৰ্গ।
কাৰাগাৰৰ পৰা ওলোৱাৰ পিছতে সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সন্দীপন গাৰ্গৰ
সাংবাদিকৰ আগত সন্দীপন গাৰ্গে কয়, “মোৰ গ’ল্ডী দাদাৰ বাবে মানুহে যি ন্যায় বিচাৰি আছে, সেই ন্যায়ে পাব। ১৯ ছেপ্টেম্বৰত যিটো ঘটনা ঘটিলে, সেই সত্যটো যেতিয়া সকলো
অসমীয়া মানুহে গম পাব। সেই সত্যটো জনাৰ পিছত অসমীয়া মানুহে স্বীকাৰ কৰিলেই মোৰ দাদাৰ আত্মাই শান্তি পাব।”
সন্দীপন গাৰ্গে সাংবাদিকক লগতে কয়, “আদালতত বিচাৰ চলি আছে, সত্যটো আদালতে জনাব। সত্যৰ সদায় জয় হ’ব।”