আজি মহা অষ্টমী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ ঐতিহ্যমণ্ডিত উত্তৰ গুৱাহাটীৰ মা দীৰ্ঘেশ্বৰী দেৱালয়ত পালন কৰা হৈছে দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ পূজা-অৰ্চনা।
পৰম্পৰাগত ভাৱে চলি মা দীৰ্ঘেশ্বৰী দেৱালয়ত বলি বিধান অনুসৰি পূজা অৰ্চনা কৰা হয়।
এইবেলিও বিভিন্ন স্থানৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে। জাগ্ৰত পীঠখনিত মনোবাঞ্চা পুৰণ কৰাৰ বাবে আশিষ গ্ৰহণ কৰিবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম দেখা যায়।