সুৰাপায়ী ভতিজাকৰ দাৰ ঘাপত মৃ-ত্যু-ক খুৰাকৰ

দুৰ্গা পূজাৰ আনন্দ-উল্লাসৰ মাজতে তেজপুৰৰ নিকটৱৰ্তী বিহগুৰিৰ নিৰাইআটিত নৃশংস হত্যাকাণ্ড। সুৰাপায়ী ভতিজাকৰ দাৰ ঘাপত মৃত্যুক খুৰাকৰ।

প্ৰাপ্ত তথ্য অনুসৰি, কাতি বিহুৰ নিশাই নিৰাইআটি নিবাসী দেৱধৰ ৰাভা ওৰফে গেগেই নামৰ যুৱকজনে নিজৰে খুৰাক অনিল ৰাভাৰ সৈতে কাজিয়াত লিপ্ত হয়। কথাৰ বাক-বিতণ্ডাৰ মাজতে নিচাসক্ত অৱস্থাত থকা দেৱধৰে এখন দাৰে খুৰাক অনিল ৰাভাৰ ডিঙি ৰেপি হত্যা কৰে।

উল্লেখ্য যে, এই হত্যাকাণ্ড সংঘটিত কৰাৰ পিছতেই ঘাটক দেৱধৰে সমগ্ৰ ঘটনাৰ বিষয়ে পিতৃ গংগাধৰ ৰাভাক অৱগত কৰে। এই খবৰ প্ৰকাশ পোৱাৰ লগে লগে গাঁওখনত হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয়। পিছত স্থানীয় ৰাইজে তৎকালীনভাৱে আৰক্ষীক খবৰ দিয়াত বিহগুৰি আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী দেৱধৰক গ্ৰেপ্তাৰ কৰে।

আনহাতে, অকালতে প্ৰাণ হেৰুওৱা অনিল ৰাভাৰ মৃতদেহটো আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

ঘটনাক কেন্দ্ৰ কৰি বিহগুৰি অঞ্চলত এতিয়াও উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *