মৰিগাঁও বাকৰি চাপৰিত মৰ্মান্তিক ঘটনা।
নৱম শ্ৰেণীত অধ্যয়নৰত জিলমোহন মণ্ডল নামৰ ছাত্ৰজনে নিজা বাসগৃহত বিদ্যুৎপৃষ্ঠ হৈ কৰুণ মৃত্যু।
পৰিয়ালৰ সূত্ৰে জানিব পৰা অনুসৰি নিজা বাসগৃহত চকীৰ ওপৰত উঠি ওৱাৰিঙৰ কাম কৰি থকা অৱস্থাতে হৈছিল বিদ্যুৎ পৃষ্ঠ।
সংকটজনক অৱস্থাত পৰিয়ালৰ লোকে মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত বুলি জানিব দিয়ে।
নীলমোহন মণ্ডল আৰু শান্তি মণ্ডলৰ পুত্ৰ জিলমোহন মণ্ডলে কৰুণ মৃত্যুক সাৱটি লোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।